Pair of Vintage Old School Fru
kkallol.xtgem.com

মুখ্য পৃষ্ঠা

সিমান সহজ নহয় তোমাক বিদায় জনোৱা
~ কন্দর্পজিৎ কল্লোল ~

(১)
নিয়া নিয়া নিয়া
মোৰ আধা ডেৱা কলিজা

আৰু কিবা

যি লাগে তাকে নিয়া
প্ৰেম লাগে প্ৰেম নিয়া
কৰণি ভৰাই
কলিজা লাগে কলিজা নিয়া
খুলি খুলি নিয়া

(২)
যি লাগে তাকে নিয়া
অচিন সৰস কাঠৰ সুৰস বিছনা
তামস তামস তামসাবৃত্ত দুপৰ নিশা
উৰি উৰি অহা
সৰীসৃপ মায়া

নিয়া নিয়া নিয়া
মোৰ নীৰলস অলস নদী
হালধীয়া ট্ৰেফিক ছিগনেল সো-সো
ধ্ৰুৱ আকাশ চলাথ কৰা মহঙা জোনাক
বাট ভুল কৰা
জয়াল জয়াল শ্বাপদ
হু-হু আৰাও

দীপক মেঘমল্লাৰ নিষাদ গান্ধাৰ
যি লাগে তাকে নিয়া
নিয়া নিয়া নিয়া
চৰাইৰ যকৃত্ কলিজা হৃদপিণ্ড মাংস
প্ৰদক্ষিণ
অবিচল শাণিত কাঁড়

(৩)
যি লাগে তাকে নিয়া
যাওঁ বুলি নক'বা
যাওঁ বুলি নক'বা কিন্তু
নক'বা ভুলতো

নিয়া নিয়া নিয়া
যি লাগে তাকে
দিব পৰা মোৰ সমগ্ৰ আভূষণ ভৰুণ

নিয়া নিয়া নিয়া
তলসৰা শেৱালি
ৰাশি-ৰাশি কুঁৱলি
কিন্তু নক'বা নক'বা
যাওঁ বুলি নক'বা

তুমি যাওঁ বুলি ক'ব পাৰিলে
এডিঙি তেজত
ডুব যাব জোনাক
কাৰণ তোমাক
বিদায় জনাব নোৱাৰিম

কিয়নো
তোমাক ভালপোৱা
যিমান সহজ
সিমান সহজ নহয়
তোমাক বিদায় জনোৱা

(এদিনৰ নতুন কলম, এদিনৰ সংবাদ, ২০
আগষ্ট ২০০৮)