XtGem Forum catalog
kkallol.xtgem.com

মুখ্য পৃষ্ঠা

ৰহিম চাচাৰ চকুপানী
• কন্দর্পজিৎ কল্লোল

ৰহিম চাচা যদিও শিক্ষিত নহয় তথাপি তেওঁ বুজি পায় কেনেদৰে অন্ধবিশ্বাস আৰু ধর্মীয় নেতাৰ গোড়ামীয়ে সমাজখনক তিল- তিলকৈ ধ্বংসৰ সন্মুখলৈ আগবঢ়াই লৈ গৈ আছে। নিজৰ ভুলৰ বাবে চাচাই অনুশোচনা কৰিব পাৰে। আগলৈ ভৱিষ্যত প্ৰজন্মই যাতে তেনে ভুল নকৰে তাৰ বাবে যুৱ চামক চাচাই বুজাই দিয়ে। ৰহিম চাচাই জানে কিদৰে এচাম মুখাপিন্ধা দালালে বজাৰত স্থাপন কৰিছে তীৰ খেলৰ ঘাটি আৰু সাধাৰণ ঠেলাচালক ৰিক্সাচালকে তাত
নিমর্জিতহৈ পতনৰ অভিমুখে ঢাপলি মেলিছে। ভিডিঅ’ হোলত ৰাতি ব্লু ফিল্ম দেখিবলৈ যুৱচামে গাঁৱৰ পৰা বজাৰ অভিমুখে সন্ধিয়া ৰাওনা হয়। এইবোৰক লৈ কাৰো প্ৰতিক্ৰিয়া নাই। আনহাতে জন্ম নিয়ন্ত্ৰণৰ শিক্ষা দিবলৈ গ’লে ধর্মীয় গোড়ামী মনভাৱ সম্পন্ন লোকৰ বাধাৰ সন্মুখিন হ’ব লগা হয়। চাচাই বাতৰি কাকত পঢ়িব নোৱেৰে যদিও মোক লগ পালে সুধে দেশ-বিদেশৰ খবৰ।
আনহাতে চাচা অশিক্ষিত হ’লেও লোক- সংস্কৃতিৰ বিষয়ে তেওঁৰ জ্ঞান যথেষ্ট। চাচাৰ পৰাই
বহুতো নজনা কথা জানিবলৈ পাওঁ। চাচাৰ ছোৱালী তিনিজনীৰ বিয়া হৈ গৈছে। ল’ৰা চাৰিজন। তিনিজনে বিয়া কৰাই
বেলেগ হৈ গৈছে। সৰুজন চাচাৰ লগতে আছে। কি ঠিক বিয়া কৰাৰ পিছত তেৱোঁ যে বেলেগ হৈ নাযাব।

এদিন ৰহিম চাচা আৰু মই বজাৰৰ সোঁফালে থকা মনচুৰ চাচাৰ দোকানৰ আগত বেঞ্চ এখনত বহি কথা পাতি আছিলো।
হঠাতে দেখিবলৈ পালো, ইমান দাই দৌৰা- দৌৰিকৈ আহি আছে। লগতে ঠেলা এখন। কাপোৰেৰে ঢাকা। সিহঁত ডাক্তৰখানালৈ গ’ল। কিবা হ’ল। আমিও আগবাঢ়ি গ’লোঁ। কিছু সময় পিছত ইমন
দা বাহিৰলৈ ওলাই অহাত চাচাই তেওঁক উদ্দেশ্য কৰি ক’লে– ইমান বেডা, কি খবৰ, এইহানে যে? ইমান দাই ক’লে–আমাৰ বউয়েৰ পেডেৰ বিষ। ডাক্তাৰেৰ এইহানে আইছি। মাইয়্যা একটা হৈল। চাচাই ক’লে– তোমাৰ হোন তিনটা পলা-পান আছে। আইজগেৰ দিনেও তুই বুজলি না। ইমান দাই ক’লে– কি কৰমু চাচা, আল্লাৰ দান। ইমানে এনেদৰে কোৱাত ৰহিম চাচাই বুজাই দিলে এইবোৰ অন্ধবিশ্বাসে কেনেদৰে সমাজখনক
গ্ৰাস কৰি পেলাইছে। প্ৰত্যুত্তোৰত ইমান দাই ক’লে– চাচা, এহনোতো আমাৰ যৌৱন শেষ হয় নাই। আমাৰ বউৰোতো যৌৱনেৰ ক’তা আছে।
বউৰে লৈয়া খুশিতে নাথাইকলে যহন অন্যেৰ সঙ্গে। এনেতে ৰহিম চাচাই ক’লে– বউৰে সঙ্গে ৰাইখতে তোকে কে বাধা দেয়। তোমাৰ বউ। তোমাৰ যহন খুশি তহনে পাশে ৰাখোগা। কিন্তু কণ্ডমেৰ ব্যৱহাৰ কইৰলে তোৰ কি জাত যাইবো, তাহৈলেতো আৰ তোৰ ছাওয়া হৈবোনা। ইমান দাই আচৰিত হৈ সুধিলে– কণ্ডম! ইটা আবাৰ কি জিনিস। চাচাই পিছত বুজাই দিম বুলি ক’লে–
তোমাকে আমি পৰে বুজাইয়া দিমু। আগে তুই তোৰ বউৰ ঐহানে যাওচেন।

এইদৰে বিভিন্ন জনক জন্ম-নিয়ন্ত্ৰিত জ্ঞান দিয়াৰ কথা গৈ মৌলবীৰ কাণত পৰিল। মৌলবীয়ে চাচাক গালিপাৰি আগলৈ তেনে নকৰিবলৈ সকিয়াই দিয়ে। চাচাই যুক্তি দর্শালে আৰু লগতে ভিডিঅ’ হোল আৰু তীৰ খেল বন্ধ কৰাত আগভাগ ল’বলৈ আহ্বান কৰিলে। কিন্তু এচাম মুখা পিন্ধা ভদ্ৰলোকৰ বিৰুদ্ধ জেহাদ ঘোষণা কৰাৰ সাহস মৌলবীৰ নহ’ল। সেইবিলাক কথা আওকান
কৰি ৰহিম চাচাক হে জন্ম-নিয়ন্ত্ৰণৰ ­ জ্ঞান দিয়াৰ পৰা বিৰত থাকিবলৈ ক’লে। কিন্তু চাচা সন্মত নহ’ল। মৌলবীয়ে গাঁওবুঢ়াৰ লগহৈ বিচাৰ মাতিলে আৰু চাচাক তিনিমাহৰ বাবে গাঁওৰপৰা নির্বাসন দিয়াৰ সিদ্ধান্ত কৰিলে। পিছদিনা চাচাই গাওঁ এৰি আহিবলৈ বাধ্য হ’ল।

চাচাই গৈ এজনী জীয়েকৰ ঘৰত আশ্ৰয় ল’লে। প্ৰায়েই বজাৰলৈ আহে। চাচাক নির্ভয়দি এই বিষয়ে মই লেখিম বুলি ক’লোঁ।

লিখিলোঁ। কিন্তু প্ৰকাশ নহ’ল। কেবাজনো কাকতৰ সম্পাদকৰ
স’তে যোগাযোগ কৰিলো। ধর্মীয় ৰোষৰ বলি হৈ গ্ৰাহক হেৰুৱাৰ ভয়ত কোনেও প্ৰকাশ কৰিবলৈ সন্মত নহ’ল।

দহদিন পিছত ৰহিম চাচাৰ সন্মুখত গৈ থিয় হ’লো। ওঁঠ দুটা কপি আছে। একো শব্দ বাহিৰ কৰিব পৰা নাই। দুচকুৰে অশ্ৰু নিগৰিবলৈ ধৰিলে। ৰহিম চাচাই কান্ধৰ গামোচাখনেৰে আলফুলে মোৰ চকুপানী মচি দিয়াৰ সময়তে চাচাৰ চকু পানীয়ে তেওঁৰ দীঘল দাড়ি চুই জলস্ৰোতৰ দৰে মাটিত বাগৰি পৰিল। চাচাক সাবটি ধৰি হুক- হুকাই কান্দি উঠিলো। তাকে দেখি বজাৰৰ মানুহে এখোজ- দুখোজকৈ আগবাঢ়ি আহিব ধৰিলে…..

(ৰচনা কালঃ জুন ২০০৮)



১। ইমান বেডা, কি খবৰ, এইহানে যে? = ইমান বেটা, কি খবৰ, ইয়াতে যে ?
২। আমাৰ বউয়েৰ পেডেৰ বিষ। ডাক্তাৰেৰ এইহানে আইছি। মাইয়্যা একটা হৈল। = মোৰ পত্নীৰ পেটৰ বিষ । ডক্টৰৰ ওচলৈ আহিছোঁ । ছোৱালী এজনী হ'ল ।
৩। তোমাৰ হোন তিনটা পলা-পান আছে। আইজগেৰ দিনেও তুই বুজলি না। = তোমাৰ দেখোন তিনিটা ল'ৰা-ছোৱালী আছে । আজিৰ দিনতো তুমি নুবুজিলা।
৪। কি কৰমু চাচা, আল্লাৰ দান। = কি কৰিম চাচা (খুৰা), আল্লাৰ (ঈশ্বৰৰ) দান ।
৫। চাচা, এহনোতো আমাৰ যৌৱন শেষ হয় নাই। আমাৰ বউৰোতো যৌৱনেৰ ক’তা আছে।
বউৰে লৈয়া খুশিতে নাথাইকলে যহন অন্যেৰ সঙ্গে। = চাচা, এতিয়াওতো মোৰ যৌৱন শেষ হোৱা নাই। মোৰ পত্নীৰতো যৌৱনৰ কথা আছে।
পত্নীক লৈ সুখত নাথাকিলে যেতিয়া আনৰ লগত।
৬। বউৰে সঙ্গে ৰাইখতে তোকে কে বাধা দেয়। তোমাৰ বউ। তোমাৰ যহন খুশি তহনে পাশে ৰাখোগা। কিন্তু কণ্ডমেৰ ব্যৱহাৰ কইৰলে তোৰ কি জাত যাইবো, তাহৈলেতো আৰ তোৰ ছাওয়া হৈবোনা। =
পত্নীক লগত ৰাখিবলৈ তোক কোনে বাধা দিয়ে। তোমাৰ পত্নী। তোমাৰ যেতিয়া মন যায় তেতিয়াই লগত ৰাখা। কিন্তু কণ্ডমৰ ব্যৱহাৰ কৰিলে তোৰ জানো জাত যাব, তেতিয়া হ'লেতো আৰু তোৰ সন্তান ন'হব।
৭। কণ্ডম! ইটা আবাৰ কি জিনিস। = কণ্ডম! এইটো আকৌ কি বস্তু।
৮। তোমাকে আমি পৰে বুজাইয়া দিমু। আগে তুই তোৰ বউৰ ঐহানে যাওচেন। = তোমাক মই পিছত বুজাই দিম। আগতে তুমি তোমাৰ পত্নীৰ তাত যোৱা।

* বিঃদ্ৰঃ গল্পটোত চৰাঞ্চলৰ ভাষা (ভাটিয়া ভাষা) ব্যৱহাৰ কৰিছোঁ । বন্ধু ধ্ৰুৱৰ অনুৰোধ মর্মে উক্ত কথাখিনি অসমীয়ালৈ অনুবাদ কৰি দিয়া হ'ল ।