মুখ্য পৃষ্ঠা
"দুপৰনিশাৰ অকবিতা"
তুমি মোক খুঁচিলা
মই তোমাক কামুৰিলোঁ
দুয়ো বৰষুণ হৈ সৰিলোঁ
পানীবোৰ ক'লৈ গ'ল ?
মাছ মাৰিবলৈ গ'ল ।
সেই মাছ কি হ'ল ?
নৈ পাৰ হ'ল ।
সেই নদীক বান্ধ দিওঁ বোল
তুমি আৰম্ভ কৰা...,
মই এডাল চিগাৰেট হুঁপি আহোঁ
চিগাৰেট ডাল কি হ'ল ?
পুৰি ছাঁই হ'ল ।
সেই ছাই কোনে নিলে ?
ৰজাই নিলে ।
ৰজাই নি কি কৰিলে ?
ধোবাক দিলে ।
ধোবাই নি কি কৰিলে ?
কাপোৰ ধুলে ।
সেই কাপোৰ কি হ'ল ?
ৰাণীক দিলে ।
ৰাণীয়ে লৈ কি কৰিলে ?
মাজ নিশা দলিয়াই দিলে ।
তাৰ পিছত কি হ'ল ?
গোটেই পৃথিৱী উলঙ্গ হ'ল ।
(২১/১০/১৩)
----------------------------
"দাড়ি থাকে মানে
ভাল, দাড়ি কাটিলে
যতো চব জঞ্জাল"
দাড়ি থাকে মানে ভাল
মই দুঃস্বপ্নত ডুবি ডুবি
কবিতা লিখিব পাৰোঁ
দাড়ি থাকে মানে
ৰাতিবোৰ সুখৰ
শেতেলি
দাড়ি কাটিলেই
যতো চব জঞ্জাল
ধুনীয়া ছোৱালীবোৰে
প্ৰেমত পৰে
প্ৰেমত পৰিলে
পকেট উদং হয়
ধুৰ্
আজিৰ পৰা আৰু নাকাটো দাড়ি
বিন্দাচ পৃথিৱীত
ৰাতি ৰাতি লিখি যাম
মদিৰাৰ চিঞাহীৰে
নষ্ট অকবিতা
(বিয়া কৰোৱাৰ
আগতে লিখিছিলোঁ । কবিতাটো হেৰাইছে । হঠাৎ শিৰোনামটো
মনত পৰাত নতুনকৈ লিখিলোঁ । মোৰ
বর্তমান জীৱনৰ
লগত কবিতাটোৰ
কোনো সম্পর্ক নাই ।
তথাপিও দাড়ি নকটা অভ্যাসটো ৰৈ গৈছে । বহুকেইজনৰ পৰা অভিযোগ পোৱাৰ পিছতহে দাড়ি কাটো ।)
----------------------------
মোৰ ফালৰ পৰা সকলোকে
শাৰদীয় শুভেচ্ছা
জ্ঞাপন কৰিলোঁ ......
"শীতৰ দৰে
চেঁচা হওক
হৃদয়ৰ অনুভূতি,
শেৱালীৰ দৰে
শুভ্ৰ হওক
সপোনৰ ৰঙা বেলি ..."
---------------------------
শৰৎ মানেই স্মৃতি !
মোৰ বাবে
শৰৎ মানেই স্মৃতি
শৰৎ মানেই যন্ত্ৰণা
শৰৎ মানে
এখন জীৱন্ত চিত্ৰ
আৰু ছাইহৈ যোৱা
এটা শৰীৰ
কেনেকৈ এটা বছৰ
পাৰহৈ গ'ল
ধৰিবই নোৱাৰিলোঁ,
পাৰহৈ যাওঁ যাওঁ
দুটাকৈ শাৰদীয়
উন্মাদনা !
শৰৎ মানেই স্মৃতি
ক'লা-বগা ধূসৰ ছবি !
(যোৱাবাৰ দুর্গাপূজাৰ কেইদিনমান আগত, ১১/১০/১২ তাৰিখে
গুৱাহাটী অভিমুখী
চলন্ত ৰেলৰ পৰা
পৰি অকালতে
মৃত্যুবৰণ কৰা
মোৰ প্ৰিয় বন্ধু
প্ৰশান্ত কলিতাৰ
স্মৃতিত...)
[ফেচবুকত কবিতাটোৰ স'তে সংযোজিত
চিত্ৰ
ৰ উৎস:-
প্ৰিয় বন্ধুৰ চিতাৰ
জুই, মোৰ নকিয়া
C2-00 ম'বাইলেৰে
আবদ্ধ কৰি ৰখা
ছবি ।]
ණ কন্দর্পজিৎ কল্লোল