Old school Swatch Watches
kkallol.xtgem.com

মুখ্য পৃষ্ঠা

কাঁচৰ প্ৰেমিক
ණ কন্দর্পজিৎ কল্লোল

— সেইফালে চাওক চোন বন্ধৰ
আহ্বান জনোৱা সংগঠনবোৰে কিদৰে গাড়ীৰ কাঁচবোৰ ভাঙি আছে ।
— সিহঁত কাচৰ প্ৰেমিক ।
— কাঁচৰ প্ৰেমিক !
— হয়, কাঁচে সিহঁতৰ হৃদয় কাটিছিল । সেয়ে সিহঁতে কাঁচ ভাঙিব ধৰিছে ।
— চাওক আপুনি, মানুহজনৰ মূৰৰ পৰা তেজ ওলাই আছে ।
— হয়, পিছে আপুনি হয়তো নাজানে মানুহজন আজিৰ পৰাই কাঁচৰ প্ৰেমিক হৈ উঠিল ।
— বজাৰখন আজি যেন মৰিশালি সদৃশ । কি যে কৰোঁ এতিয়া ।
— বজাৰখন কাঁচৰ প্ৰেমিক ।
— আপুনি কি মানুহ হে ; খালি কাঁচৰ প্ৰেমিক-কাঁচৰ প্ৰেমিক কৈ আছে ।
— কাৰণ ময়ো কাঁচৰ প্ৰেমিক ।
— মই কি কাঁচৰ প্ৰেমিক নহওঁ
নেকি ? ময়তো কাঁচৰ গিলাচত
পানী খাওঁ, চাহ খাওঁ, মদ খাওঁ । কাঁচৰ বটলত সৰিয়হৰ তেল ৰাখোঁ । আইনাত মুখ দেখি বজাৰলৈ ওলাই আহোঁ ।
— নহয় , আপুনি কাঁচৰ প্ৰেমিক নহয় ।
— কেনেকৈ ক’ব পাৰিলে ?
— কাৰণ আপোনাক কাঁচে কটা নাই ।
— কোনে ক’লে ? কেইমাহমান আগত মোৰ ভৰিত কাঁচে কাটিছিল, তেজো ওলাইছিল । ডাক্তৰক দেখোৱাইছিলোঁ । প্ৰয়োজন সাপেক্ষে মোৰ হাতত ডাক্তৰৰ পেচ্কিপশ্বনো আছে ।
— কি কয় হে আপুনি । আপোনাৰ ভৰিৰ পৰা তেজ ওলাইছিল বাবেই মই মানি ল’ম যে আপোনাক কাঁচে কাটিছিল । ডাক্তৰৰ পেচ্কিপশ্বন থাকিলেই
জানো মানি ল’ব পাৰি । আনে মানি ল’লেও মই মানি ল’ব
নোৱাৰিম ।
— কিয় মানি নল’ব ?
— আপোনাৰ তেজ ওলোৱা ঠাই ডোখৰ অনুগ্ৰহ কৰি দেখাব নেকি ?
— কেইমাহমান হ’ল বুলি ক’লোৱেই দেখোন । ডাক্তৰক দেখুৱাইছিলোঁ, ইনজেক্চন দিছিল, ঔষধ, মলম আদি কিবা-কিবি দিছিল । সেয়ে এতিয়া শুকাই গৈছে ।
— বিষ আছে নেকি ?
— নাই ।
— তেনেহ’লে মই নলওঁ ।
— অনুগ্ৰহ কৰি আপোনাক ক’ত
কাঁচে কাটিছিল দেখাব নেকি ?
— হয়, এয়া চাওক ।
— ক’ত, একো দেখোন চিন নাই ।
— ভিতৰলৈ চাওক ।
— ভিতৰত ! আপুনিও যে মানুহ ! পিছে এইমাত্ৰ যিজন মানুহক
কাঁচে কাটিলে তেওঁৰোতো এদিন
কটা ঠাই ডোখৰ শুকাই যাব । বিষ নোহোৱা হৈ যাব ।
— আপোনাক কোনখিনি ঠাইত,
কেতিয়া কাঁচে কাটিছিল বুলি আপুনি ক’ব খোজে ।
— বাটতে ক’ৰবাত । আবেলি সময়ত ।
— আপুনি এতিয়া সেই বাটেৰে খোজ কাঢ়ে নে নাই ? আবেলি সময়ত সেই বাটেৰে অহা-যোৱা কৰে নে নাই ?
— কৰোঁ । কৰিবই লাগিব ।
নহ’লে বিকল্প পথ যে নাই ।
— সেয়ে মই কওঁ, আপোনাক
কাঁচে কটা নাছিল । আপুনি কাঁচৰ
প্ৰেমিক নহয় ।
— মানুহজনকতো গাড়ীত উঠি ফুৰিব লাগিব । তেওঁ জানো গাড়ীত উঠা বাদ দিব ?
যদি নিদিয়ে তেন্তে কেনেকৈ তেওঁ
কাঁচৰ প্ৰেমিক হ’ব পাৰে ?
— মানুহজনে পৰাপক্ষত বন্ধৰ দিনত গাড়ীত নুঠিব । বন্ধৰ দিনত ক’ৰবালৈ যাব লগা হ’লেই তেওঁৰ স্মৃতি পটত আজিৰ এই
ঘটনা ভাঁহি উঠিব । তেওঁ শংকিত
হৈ উঠিব । যেন তেওঁৰ দেহৰ
কোনোবা ঠাইত কাঁচে কাটিছে,
এনে ধৰণৰ অনুভৱে তেওঁৰ
পুৰণি বিষটো জাগ্ৰত কৰি তুলিব । সেয়ে তেওঁ কাঁচৰ প্ৰেমিক হ’ব পাৰে ।
— বাদ দিয়ক হে কাঁচৰ প্ৰেমিক-
কাঁচৰ প্ৰেমিক । ঘৰত একোৱেই নাই । বজাৰো আজি বন্ধ । চাওচোন ক’ৰবাত কোনোবাই লুকাই-চুৰাই কিবা বাহিৰ
কৰে নেকি ?
— চাওক, পিছে মই নাচাওঁ ।
কিয়নো মই কাঁচৰ প্ৰেমিক ।
— অনুগ্ৰহ কৰি ক’ব
নেকি আপুনি কেনেকৈ, কেতিয়াৰ পৰা, কিদৰে কাঁচৰ প্ৰমিক হৈ পৰিল ?
— নিশ্চয় কম । শুনক তেন্তে- মই এসময়ত কাঁচৰ প্ৰেমত পৰিছিলোঁ । তেতিয়াৰ পৰাই মই কাঁচৰ প্ৰেমিক হ’লোঁ । কাঁচে মোক প্ৰতিটো ৰাতিতেই কাটে । প্ৰতিটো ৰাতিতে সপোনতে কাঁচে কাটি দি যায় কলিজা । কাঁচ ক্ষনভঙ্গুৰ । মই কাঁচৰ দৰে নহওঁ । তথাপি মোক কাঁচে কাটে । মোৰ আকৌ কাঁচে কটা ঠাইৰ পৰা তেজ
নোলায় । তথাপি খুব বিষায় । সহিবই নোৱাৰোঁ ।
— আপুনি যে কি কয়, কথাৰ
কোনো লাগ-বান্ধ নাই । কিছুমান
অসম্ভৱ কথা । টোপনিত কাঁচে কাটে । আকৌ তেজ নলায় । কি আচৰিত কথা । আপুনি কি কাঁচৰ বিছনাত শুয়ে নেকি ?
— নহয হে, আচলতে মোৰ প্ৰেমিকাৰ নাম দাপোনমতি ।
— আপোনাৰ লগত অসার্থক আলাপ কৰোতেই মোৰ বহু সময় নষ্ট হ’ল । এতিয়া চাওক, সন্ধিয়া হৈ আহিল । ক’তো আৰু একো নাপাম । এনেই বন্ধৰ দিন । ক’ৰবাত যদি কিবা লুকাই-চুৰাই
কোনোবাই বাহিৰ কৰিছিল সেয়াও
চাগে শেষ হৈ গ’ল । সকলোৱে তালি-টোপোলা বান্ধি ঘৰা-ঘৰি হ’লহি ।
— হ’ব দিয়ক, এৰাতিহে নাখাই
থাকিব । আকৌ যেতিয়াই বন্ধৰ দিন আহিব তেতিয়াই আপোনাৰ মনত পৰিব আজিৰ এই ঘটনা । তেতিয়া মই গর্বৰে ক’ব পাৰিম যে মই আপোনাক কাঁচৰ প্ৰেমিক বনালোঁ । মই মানি ল’বলৈ বাধ্য হ’ম যে আপুনিও কাঁচৰ প্ৰেমিক ।
— কাঁচৰ প্ৰেমিক- কাঁচৰ
প্ৰেমিক- কাঁচৰ প্ৰেমিক ! হেই বাদ দিয়ক হে । আজি বোধয় সঁচাকৈয়ে মই আপোনাৰ কাৰণে কাঁচৰ প্ৰেমিক হৈ উঠিম । সুদা হাতে ঘৰলৈ গ’লে পত্নীয়ে মোক কাঁচে কটা দি কাটিব । ইফালে আপোনাৰ কথাই কাঁচে কটা দি কাটি আছে । সিফালে কিজানি পত্নীয়ে কাঁচ হৈ কাটিবলৈ সাজু হৈ আছে । আপুনিতো কেৱল কাঁচৰ প্ৰেমিক । মই আকৌ আপোনাৰ কথাৰ কাঁচৰ প্ৰেমত পৰি সর্বনাশ হৈ পৰিছোঁ । আৰ যি হ’ল হ’লেই । ঘৰ পোৱাৰ আগতে বাটৰ দহ মিনিট শান্তিৰে যাওঁ । ঘৰ পালে আকৌ আৰম্ভ হ’ব কাঁচে কটা । আহিলোঁ মই ।
— ভালকৈ যাব, বাটত আজি কাঁচেই কাঁচ, কাটিব পাৰে।

(ৰচনাকাল : জুন ২০০৮)


Like 3
Jyoti jiyam kalita
Bhal lagil k.k kaasor
uporot porhi… Bakiboru
pohri bohutei bhal lagil…
Porhiboloi yei xujogar
babe prasurjya totha
xompadona samitik mor
falor pora dhanyabad
gyapon korilu….
February 18, 2013