মুখ্য পৃষ্ঠা
# মুকবধিৰ কবিতাৰ পেঙুৰা খোজ
কবিতা এটা ছটফটাই আছে
তামস নদীৰ পাৰঘাটত
জোনাক ডুবিছে
জোনাক ডুবিছে
খোজ পেঙুৰা হৈ উঠিছে
বৰশিত মকৰা এটা পৰিছে
বৰশিত মকৰা জাল
বৰশিত জোনাকৰ মৌন ওঁঠ
ডুবো ডুবো ৰাতি
ছিগো ছিগো সূতা
কবিতা এটা যন্ত্ৰনাত কাতৰহৈ পৰিছে
বাঁহফল যেন মৌন চকু ডুবো ডুবো
ডুবো ডুবো নেমুপাতৰ গন্ধ
মুকবধিৰ কবিতাৰ পেঙুৰা খোজ
হাওলি পৰিব
হাওলি পৰিব
ভালকৈ ধৰ্
ভালকৈ ধৰ্
হাতৰ মঠিত স্থিৰ নহয় নদীৰ ঢৌ
মুকবধিৰ কবিতা এটা ঢলি পৰিল
ঢলি পৰিল ৰাতিৰ গুণ-গুণনি
বুকুৰ পৰা পাহাৰ খহাদি খহি পৰিল
উদাস চৰাইৰ মৌন নীড়
(সোণীয়াৰ স্মৃতিত...)
------------------------
# জেওৰাৰ সিপাৰৰ জোন
জেওৰাৰ সিপাৰৰ জোন
মোৰ
মই তোৰ প্ৰেমত পৰোঁ এতিয়াও
নিদ্ৰাহীন তামস তামস ৰাতি
সোণকোষত গা ধুই উঠি আহা
তিতি বুৰি জেওৰাৰ সিপাৰৰ জোন মোৰ
ৰ’দে ৰ’দে ছিৰাছিৰি হয় মোৰ মুখ
ঘাঁমে ঘাঁমে বিচ্ছুৰিত হয় নিমখ
শাহুআইৰ জেঙাল মাতত
চমকি উঠে মেঘ
হিৰিত্ – হাৰাত্
গিৰিত্ – গাৰাত্
এচপৰা মেঘ টানি আনি
কাটি কাটি বনোৱা ৰুমাল
হাতৰ মুঠিত লুকাই আনা দুপৰৰাতি
মেঘ ৰুমালত বান্ধি আনা কি
শীত নে শেৱালী
দুচকুত ভৰাই আনা কি
নিমখ নে ৰৌদ্ৰৰশ্মি
জেওৰাৰ সিপাৰে শালিকী পৰে
অজাতি শালিকী উৰি উৰি
জোনৰ উৰুত এপলক বহে
জেওৰাৰ সিপাৰৰ জোন
মোৰ
তোক কিদৰে পাহৰি থাকোঁ মই?
------------------------
# ...............................................
(১)
মানুহজন খোজ কাঢ়ি গৈ আছে
মানুহজন খোজ কাঢ়ি গৈ আছে
মানুহজন খোজ কাঢ়ি গৈ আছে
খোজ কাঢ়ি গৈ গৈ
এন্ধাৰৰ ঘিটমিট নীৰৱতাত প্ৰৱেশ কৰি
নিৰুদ্দেশ হৈ গ'ল
এটোপাল চকুলো হৈ
(২)
মানুহজনী বাৰাণ্ডাত বহিছে
মানুহজনী বাৰাণ্ডাত বহিছে
কিবা-কিবি কৈছে
তামুল চোবাইছে
পিক পেলাইছে
বাকৰুদ্ধতাৰ ফাঁকেদি
সৰকি পৰিল ক'ৰবাত
মানুহজনী ক'ৰবাত
নিৰুদ্দেশ হৈ গ'ল
(আতা আৰু আবুৰ স্মৃতিত এটা শিৰোনামাবিহীন কবিতা)
೫೫೫೫೫೫೫೫೫೫೫೫೫೫
ණ কন্দর্পজিৎ কল্লোল