• আচলতে আমি ওলমি থাকোঁ এখন শূন্য বাগিচাত •
ණ কন্দর্পজিৎ কল্লোল
আচলতে আমি
ওলমি থাকোঁ
ওলমি থাকোঁ
বিষাদেৰে ওলমি থকা
আকাশখনত
মোৰ বুকুৰ ঘাঁত
ছটিয়াই নিদিবা
তোৰ দুচকুৰ মহং
আমি ওলমি থাকোঁ বতাহত নাচি নাচি
আমি সৰি পৰিব নিবিচাৰোঁ
নাই আমি সৰি পৰিব নোৱাৰোঁ
আমি বুকুত লৈ ফুৰোঁ
কালিঘুঁকিৰ ৰং
আমি অন্ধটিঙেৰে
নিৰন্ধ্ৰে আগবাঢ়ো
বুকুত বান্ধি লওঁ
ৰঙা এঙাৰৰ কলিজা
বুকুত ভৰাই লওঁ বাঁকবাৰীৰ এন্ধাৰ
আমি এন্ধাৰতো দেখোঁ
আমাৰ আছে মার্জাৰ অক্ষি
আমি অন্ধ নহওঁ
অথচ জোনাক ৰাতি কুঁৰুৱাৰ বা লাগি
আমি কাণি-মুণি
আজন্ম
আমি নাও মেলি দিওঁ
আমি মাজ নদীত
ক্ষেপণি হেৰাওঁ
তাৰ পিছতো আমি অটৰীত পকা ধান হওঁ
আমি অনুঢ়া স্বপ্নৰ
অভিক কল্পনা
সময়ে আমাক
অপস্মাৰ কৰি লৈ যায়
আমি নষ্ট ৰাতিৰ আথানিকোঁৱৰ
আমি কণা-মুচৰিৰ ডিঙিৰ মাত
আমি কিন্ব ৰাগীত কেতিয়াবাই হেৰাই পেলাইছোঁ
আমাৰ ঘৈয়াল
ইতিহাস
আমি মাথোঁ দুস্বপ্নৰ ছৌৱিক কবিতা
আমি আলাবাদু
পূতফলৰ এঠাঁ আমি
আমি বলিয়া শ্বান
তাৰ পিছতো আমি আবেলি আবেলি
জিৰাওঁ এপলক
বেলবেলি জোপাৰ
তলত
কাৰণ আমি আজিও দেখোঁ
গছজোপা সেউজীয়া
ৰাওকণীবোৰে চিঞৰে
লণ্ডিকাবোৰে সোঁৱৰায়
উজাগৰে পাৰ কৰোঁ
দীঘল শর্বৰী
এদিন আমিও শাল্মলীতলত
ডাল ভাঙি ৰজা
হৈছিলোঁ
বুকুত বান্ধি লৈছিলোঁ জগদ্দল সপ্নৰ বাগিচা
আজি তাৰ তলত
সেই
হামচৈয়া বন নাই
সেইবোৰ এতিয়া
সাৰেং পখিৰ মাত
আমি কর্কৰত
নিজৰ মুখ দেখি
বেসৰণী নদীত
জাঁপ দিওঁ
তাকে দেখি
ৰাতি ৰাতি
জম্বুকে হোঁৱাদিয়ে
আমি সঁচাকৈয়ে
আমি নে !
মুখ্য পৃষ্ঠা