Polaroid
kkallol.xtgem.com
~অংশুমানৰ আত্মহত্যা, নিজৰা, জাহ্নৱী আৰু মই~
© Kandarpajit Kallol

(কাহিনীটো দীঘলীয়া! কিন্তু যিমান পাৰোঁ চুটি কৰাৰ চেষ্টা কৰিম। )

কলেজত পঢ়া দিনৰে পৰা নিজৰাই মোক ভাল পায়। অংশুমানে নিজৰাক ভালপায়। জাহ্নৱী মোৰ এজনী ভাল বান্ধৱী।

এদিন অংশুমানে আহি ক'লে বন্ধু তোমাক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ নিজৰাক তুমিভাল নাপাবা না! তুমিতো জানাই মই তাইক ভালপাওঁ আৰু তাইৰ অৱিহনে মোৰ জীয়াই থকা সম্ভৱ নহয়। তাইক নাপালে কিন্তু মই আত্মহত্যা কৰিম। আৰু তাৰ বাবে দায়ী হবা তুমি।
মই ক'লো 'আৰে মই নো ক'ত তাইক ভালপাওঁ?' তাইহে! অংশুই ক'লে প্লিজ তোমাৰ বেলেগ এজনী থকাৰ কথা ক'বানা মই ক'লো ঠিক আছে দিয়া হ'ব।

লাহে লাহে মই নিজৰাৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰিবলৈ ললোঁ। মোক সহায় কৰিলে জাহ্নৱীয়ে। নিজৰাৰ মনত এনে এটা ধাৰনা দিয়া হ'ল যেন মই আৰু জাহ্নৱী দুয়ো দুয়োকে ভালপাওঁ। এয়া অংশুমানৰ বাবেই কৰিব লগা হ'ল।

অংশু আৰু নিজৰাৰ বিয়া হ'ল। বিয়াৰ কেইমাহ মান পিছত এদিন অংশুই মোক ফোন কৰিলে আৰু এঠাইত লগ কৰিবলৈ ক'লে।

বিবর্ণ অংশু। মূৰত বেণ্ডেজ। বহু সময় কথা পাতিলোঁ। তেওঁ ক'লে মই আৰু নিজৰাক চম্ভালিব নোৱাৰোঁ বন্ধু। তাইক তুমি বিয়া কৰোৱা। মই ডিভর্চ দি দিম। মই ক'লো এয়া মুম্বাই-দিল্লী নহয়, এয়া অসম্ভৱ। তেওঁ ক'লে তেন্তে মোৰ দুই লাখ টকা দে। নিজৰাৰ অলংকাৰ কিনিব লাগে।"দুই লাখ টকা মই তাইক দিব নোৱাৰিলে তাই মোক......" অংশুই কান্দি পেলালে। মই ক'লো ৮/১০ হাজাৰ মান হোৱা হলে মেনেজ কৰিব পৰা গ'ল হেঁতেন। তুমিতো জানাই মই বেকাৰ। ইমান টকা কোনেও ধাৰত নিদিয়ে। এয়াও মোৰ বাবে সম্ভৱ নহয়। এটাই উপায় আছে তুমি গৈ তাইক সুধিবা যে তোমাৰ জীৱনটোৰ মূল্য বেছি নে তাইক টকাৰ প্ৰয়োজন বেছি?

এসপ্তাহ পিছত শুনিলোঁ অংশুয়ে আত্মহত্যা কৰিছে। খবৰ ল'বলৈ গলোঁ। কিবা মন যোৱাত তেওঁৰ টেবিলৰ ড্ৰয়াৰটো খুলিলোঁ। তাতে এখন কাগজ পালোঁ। সেই কাগজৰ টুকুৰাটো মনে মনে লৈ আহিলোঁ। তাতে লিখা আছিল তেওঁৰ মৃত্যু বাবে হেনো মই দায়ী

#বিঃদ্ৰঃ- অংশুমানৰ আত্মহত্যাৰ বাবে জানো মই দায়ী?
YES / NO


মুখ্য পৃষ্ঠা