Lamborghini Huracán LP 610-4 t
kkallol.xtgem.com
IMG 20180727 234512
IMG 20180727 234650
IMG 20180727 234721
IMG 20180727 234754
IMG 20180727 234827
মই ছিলিম কুমাৰৰ সমৰ্থক নহওঁ,
কাৰণ মনৰ ভাব প্ৰকাশ নকৰাকৈ একো লিখিব নোৱাৰোঁ ।
কাব্য লালৰো সমৰ্থক নহওঁ,
কাৰণ মই কবি মনৰ কবি নহওঁ ।

জীৱনে ৰং সলায় ! (Click Here)

আমাৰ মানুহে সাপটগ্ৰাম বজাৰত গ'লে বাংলা ভাষা কয় । বাংলা ভাষীৰ কথা বাদ দিলোঁ, সাপটগ্ৰামৰ মাৰোৱাৰী আৰু বিহাৰীও আমাৰ লগত আমাৰ ভাষাত কথা নাপাতে । এনেকি হিন্দীতো কথা নাপাতে । সিহঁতেও বাংলা ভাষাত কথা পাতে । বড়ো সকলেও বাংলা ভাষা কয় । কিন্তু মেঘালয়ৰ গাৰোসকলক আচৰিত মানিছোঁ । কাৰণ সিহঁতে সদায় নিজৰ ভাষাত কথা পাতে । অসম-মেঘালয় সীমান্ত ফুলবাৰীত হোৱা অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে মেঘালয়ৰ গাৰো অঞ্চলত বাঙালী-মাৰোৱাৰী, হিন্দু-মুছলমান সকলোৱে গাৰোৰ লগত গাৰো ভাষাত কথা পাতে । আৰু গাৰো সকলেও অনাগাৰোৰ লগত নিজৰ ভাষাত কথা পাতিবলৈ লজ্জাবোধ নকৰে । নিজৰ ভাষাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ই এক উৎকৃষ্ট নিদৰ্শন ।

সাপটগ্ৰাম কেনেকৈ চাপটগ্ৰাম হ'ল ?

কিছু সংখ্যক মানুহৰ উচ্চাৰণৰ ওপৰত ভিত্তি কৰি এখন‌ ঠাইৰ নামৰ বানান সলনি কৰাটো সমৰ্থন যোগ্য নহয়৷ বাংলা, হিন্দী আদি প্ৰায়বোৰ ভাষাতেই "স"ৰ উচ্চাৰণ ডাঠ হোৱাৰ বিপৰীতে অসমীয়া ভাষাত পাতল হয়৷ সেয়ে অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ বহুতো মানুহেই শুদ্ধ ৰূপত বাংলা বা হিন্দী ভাষা উচ্চাৰণ কৰিব নোৱাৰে৷ আনহাতে কিছুমান অসমীয়া মানুহে "স"টো "চ" উচ্চাৰণ কৰে৷ যেনে- চাগৰ, চৌৰভ, চম্বলপুৰ, বিলাচীপাৰা আদি৷ কিন্তু সেই বুলি সেই কিছুমান ব্যক্তিৰ উচ্চাৰণৰ ওপৰত ভিত্তি কৰি বানান সলনি কৰা হোৱা নাই বা সলনি কৰাটো উচিত নহয়৷ কোনোবাই "চাপটগ্ৰাম" বা "চাপতগ্ৰাম" উচ্চাৰণ কৰিব পাৰে৷ কিন্তু সেই বুলি বানান সলনি কৰাৰ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰি৷
আমি যেতিয়া মহাবিদ্যালয়ত পঢ়িছিলোঁ তেতিয়া আমাৰ মহাবিদ্যালয় নাম "সাপটগ্ৰাম মহাবিদ্যালয়" আছিল৷ কিন্তু কেনেকৈ বা কি কাৰণত কেই বছৰমান পিছত নাম সলনি হৈ "চাপটগ্ৰাম মহাবিদ্যালয়" হ’ল সেয়া বুজি নাপালোঁ৷ আমাৰ আঞ্চলৰ ৯৯.৯% মানুহৰ উচ্চাৰণক তুচ্ছ জ্ঞান কৰি হয়তো কিছুমান "স" উচ্চাৰণ কৰিব নোৱাৰা অসমীয়া শিক্ষাবিদে এয়া কৰিলে, আন কিছুমানে নিজকে অসমীয়া বুলি প্ৰতিপন্ন কৰিবলৈ তাক সমৰ্থন কৰিলে কিন্তু নিজেও কোৱাৰ সময়ত বেছিভাগ সময়তেই "সাপটগ্ৰাম" বুলি কয়৷ আৰু মহাবিদ্যালয়ৰ বাকী শিক্ষাৰ্থী সকলেও আৰু আঞ্চলিক ছাত্ৰ নেতাসকলেও হয়তো তাকেই মানি লৈ "সাপটগ্ৰাম মহাবিদ্যালয়"ক "চাপটগ্ৰাম মহাবিদ্যালয়" কৰিলে৷


মাজনিশা
কোনে কান্দে ?

মোৰ বুকুৰ
নীলা শিয়ালে
হোৱা দিয়ে ।


চকুপানীৰ বৰফ
-----------

চকুপানী বিলাক গোট মাৰি মাৰি
বুকুৰ ভিতৰত বৰফ হয় !

আৰু ক'বলৈ একো নাই

যি আছিল সেয়া আৰু বৈ বৈ
নৈ নহয়

ৰৈ ৰৈ এতিয়া বৰফ হ'ব
গোট মৰা কঠিন বৰফ
নিয়ৰত তিতি গোটেই ৰাতি ।


কালি মই চিতাত পুৰি পুৰি
চিতাভষ্ম হৈছিলোঁ
আৰু ইয়াত পৰি আছিল
দগ্ধ আঙঠাৰ টুকুৰা

দূৰৰ পৰা এখন নৈয়ে
উচুপি কান্দিছিল
সাৰে আছিল গোটেই ৰাতি !


মই কোৱা কথাখিনি
আপুনি বুজিব নোৱাৰিলে
আপুনি বুজিব পৰা কৈ
মই ক'ব নোৱাৰিলোঁ !

সীতাৰ অগ্নি পৰীক্ষা - মৌন বুদ্ধ
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

বহি আছে বুদ্ধ
কাষত কলহ
হাতত বাটি

হঠাৎ বাইকৰ শব্দ
মূৰ ঘূৰাই দেখা পালে
নামি আহিছে কৃষ্ণ

ওচৰত নদী
গা ধুই আছিল অনেক গোপিনী
কৃষ্ণই বস্ত্ৰ হৰণ কৰিলে
বুদ্ধ মৌন

পাহাৰৰ পৰা ভাঁহি আহি আছে
বৌদ্ধং শৰণং গোস্বামী ......

চাকনাৰ প্লেট হাতত লৈ
ব্যস্ত বুদ্ধ

নাগাৰ্জুনে কবিতা লিখি আছে
ওচৰত কালিদাস
কালিদাস নিৰ্বাক
চকুত সুৰমা

এতিয়া যুদ্ধ হ'ব
ইফালে অৰ্জুন নাৰাজ
আনফালে কৃষ্ণৰ ৰেৱাজ
আৰে ভাই সব কুছ বকৱাজ
যুদ্ধ হ'বই

সম্ৰাট অশোকে অস্ত্ৰ ত্যাগ কৰি
বুদ্ধৰ ওচৰ পালে
তাকে দেখি হজৰতৰ ঘোঁৰাটো
দৌৰি পলাল

কিং মিডাচৰ কথা মনত আছেনে
মনত আছেনে আগে আগে উলঙ্গ শিৱ
পিছে পিছে ভষ্মাসুৰ

মনত নাথাকিলেও কথা নাই

কথাবোৰ একেধৰণৰ আছিল নেকি
জৰ্জ বাৰ্ণাড শ্ব'ৰ শাণিত তৰোৱাল
দস্যু ৰত্নাকৰৰ বেংক বেলেঞ্চ
হেলেনৰ দুৰ্দান্ত কঁকাল

যুদ্ধ বুদ্ধ বাদ
ফ্ৰয়েডক চিনি পায় নে
ওডিপাচ কমপ্লেক্স
বুদ্ধ মৌন
ফ্ৰয়েড যৌন
যৌনতাৰ চিকাৰ ভি,এচ, নাইপল
যৌনতাৰ বিকাৰ ধনঞ্জয় চেটাৰ্জী

চিটি অফ জয়
জয় গোস্বামীৰ পাগলা ঘোঁৰা
সুনীল গঙ্গোপাধ্যায়ৰ বেযৌন সহবাস
লাল গলিত কালা সাপৰ বিষ

কথাবোৰ জন-গণ-মনৰ দৰে
কথাবোৰ পাগলৰ প্ৰলাপৰ দৰে
অতীত অন্ধকাৰ

সৌৱা চাওক
দৰিদ্ৰ মহাত্মা
হাতত পঞ্চাছ হাজাৰ টকাৰ লাখুঁটি

নাথুৰাম‌ আহিছে নাথুৰাম আহিছে
পলাওক পলাওক

ৰাম ৰাজ্য স্থাপনৰ সপোন বুকুত লৈ
মহাত্মা গুচি গ'ল

ৰাম এজন ৰজা আছিল
আদৰ্শবাদী ৰজা
সেয়ে এতিয়া সীতাৰ অগ্নি পৰীক্ষা
আৰম্ভ হওক !

© #কন্দৰ্পজিৎ


Facebookৰ People You May Know Optionত যেতিয়া প্ৰাক্তন প্ৰেমিকাৰ মুখখন জিলিকি উঠে
তেতিয়া অতীত মোৰ
आवारा तुफान !

নৱীন কিশোৰ,
তোমালোকক দিয়াৰ ইচ্ছা আছিল
মোৰ সেই পুৰণি পোচাক
আজি তোমালোক নিজেই তাক
পৰিধান কৰি লৈছা
কিন্তু অনুগ্ৰহ কৰি সীমালঙ্ঘন নকৰিবা !
কাৰণ মই নিবিচাৰোঁ
মোৰ দৰে তোমালোকে সপ্নবোৰ
বেসপ্ন কৰি তোলা ।

বিঃদ্ৰঃ- সকলোৰে দিন সমানে নাযায় ।
সময় বৰ জটিল ।
আচলতে সময় আমাৰ বাবে দুঃসময় !


ভুল
===

মাজে-মাজে আমি
ব্যস্ততাৰ বাবে ভুল কৰোঁ
(অতিশ্ৰমৰ ব্যস্ততা)

মাজে-মাজে আমি
ব্যস্তহীনতাৰ বাবে ভুল কৰোঁ
(শ্ৰমহীনতাৰ আড্ডা)

মাজে-মাজে আমি
অজ্ঞাত বা অজ্ঞানতাৰ বাবে
ভুল কৰোঁ

আকৌ মাজে-মাজে আমি
জ্ঞাততাত বা জ্ঞান থাকিও
ভুল কৰোঁ

মুঠতে আমি ভুল কৰোঁ

আৰু যিকোনো ভুল ভুলেই
কাৰণ,
ভুলৰ পৰিনাম কষ্ট অথবা শাস্তি

কেতিয়াবা আকৌ
ভুলবিলাক পাহৰিবলৈ
ইচ্ছাকৃতভাৱে ভুল কৰোঁ !

#কন্দৰ্পজিৎ


এদিন এটা শিয়ালে
বিয়োগ অংক কৰিছিল
আন এদিন আন এটা শিয়ালে
হৰণ অংক কৰিছিল
কিন্তু কোনো দিনে
কোনো শিয়ালে
যোগ বা পূৰণ অংক নকৰিলে ।

বিঃদ্ৰঃ-
ইয়াত উল্লেখিত শিয়াল কোনো
চিত্ৰকল্প নহয় ।
শিয়াল শিয়ালেই ।
আৰু আনে সমালোচনা
কৰিব পৰাকৈ এইটো কোনো
কবিতা নহয় ।
এয়া মোৰ মনৰ অনুভৱ ।
অনুভৱ অনুভৱেই,
একান্ত ব্যক্তিগত ।


আজি সাপটগ্ৰামলৈ গৈ থাকোতে কিবা এটা চিন্তা কৰিছিলোঁ৷ ৰাতি লিখিম বুলি ভাবিছিলোঁ৷ কিন্তু এতিয়া মনত পেলাব পৰা নাই৷ ঠিক এনেদৰেই মাজে-সময়ে কবিতা বা আন‌ কিবাকিবি লিখাৰ থিম্ একো-একোটা মনলৈ আহে৷ কিন্তু গোটেই দিনে নিকেতনত কাম কৰি, তাৰ পিছত কেবা ঠাইত কেইবাজনো ছাত্ৰ-ছাত্ৰীক টিউচন পঢ়াই ৰাতি ঘৰত উপস্থিত হোৱাৰ পিছত সেই লিখিব বিচাৰা বিষয়বস্তুটো আৰু মনত পেলাব নোৱাৰোঁ৷

জীৱন মানেই (Click Here)

কবিতা (Click Here)

স্মৃতি ২০১৮ (Funny) (Click Here)

২০১৯ (Click Here)