The Soda Pop
kkallol.xtgem.com

ଓଡ଼ିଆ ଳୋକବାଣୀ
ওড়িআ লোকবাণী
(ওড়িয়া প্ৰবচন)
.
১। অণ্টিছুৰী তণ্টিকাটে
(কঁকালৰ ছুৰীয়ে নেলু কাটে)
২। অলসুআৰ বাৰবাটী চাষ
(এলেহুৱাৰ বাৰেকুৰি খেতি)
৩। অতিপৰিচয়ে গৌৰব নষ্ট
(অতিপৰিচত গৌৰৱ নষ্ট)
৪। আল্লা দিঅন্তি ত ছফৰফাড়ি দিঅন্তি
(আল্লাই দিলে তো ছপ্পৰফাৰি দিয়ে)
৫। একা মাঘৰে শীত যাএনাহিঁ
(এক মাঘতে শীত নাযায়)
৬। উট মুহঁৰে জিৰা
(উটৰ মুখত জিৰা)
৭। কষ্টকলে কৃষ্ণ মিলে
(কষ্ট কৰিলে কৃষ্ণ মিলে)
৮। কাহাৰ পুষমাস, কাহাৰ সৰ্বনাশ
(কাৰোবাৰ পুহমাহ, কাৰোবাৰ সৰ্বনাশ)
৯। গাঁ কণিআঁ সিঙ্ঘাণিনাকী (গাওঁৰ কইনা শেঙুননাকী)
১০। ঘোড়া ছ' টঙ্কাকু দানা
ন' টঙ্কা
(ঘোড়া ছটকাৰ দানা নটকাৰ)
১১। জান্ যাউ মান্ থাউ
(জীৱন যাওক মান থাকক)
১২। জোৰ যা'ৰ মুলক তাৰ
১৩। ডেঙ্গা মুণ্ডৰে ঠেঙ্গা
(দলপতিৰ মূৰত টাঙোন)
১৪। তিনি তুণ্ডৰে ছেলি কুকুৰ (তিনিজনে ক'লে ছাগলীও কুকুৰ হয়)
১৫। তু যেতে মাঠিকু মাঠ, মুঁ সেতে দৰঘোড়া কাঠ
(স্বভাৱ সহজতে সলনি নহোৱা অৰ্থত এই লোকক্তি ব্যৱহাৰ হয়)
১৬। তুলসী দুই পত্ৰৰু বাসে, বিছুআতি দুই পত্ৰৰু কুণ্ডাই হুএ
(তুলসী দুপাততে সুগন্ধি বিয়পায়, বিহলঙনী দুপাততে ডকি যায়)
১৭। তেলিআ মুণ্ডৰে তেল
(তেলিৰ মূৰত তেল)
১৮। ধান পেটকু বালুঙ্গা জাত
(ধানৰ পেটত পতানৰ জাত)
১৯। ধীৰপাণি পথৰকাটে
(ধীৰ গতিৰ পানীয়ে শিল কাটে)
২০। নাহিঁ মামুঠাৰু কণা মামু ভল
(নাই মমাতকৈ কণা মমাই ভাল)
২১। পাপধন প্ৰায়শ্চিত্তৰে যাএ
(পাপৰ ধন প্ৰায়শ্চিত্তত যায়)
২২। পোথিগত বিদ্যা পৰহস্ত ধন
(পুথিগত বিদ্যা আনৰ হাতৰ ধন)
২৩। বসি খাইলে নঈবালি পৰে
(বহি খালে নৈ চন পৰে)
২৪। মানিলে ঠাকুৰ, ন মানিলে পথৰ
(মানিলে ঠাকুৰ, নামানিলে পাথৰ)
২৫। যত্ন কলে ৰত্ন মিলে
(যত্ন কৰিলে ৰত্ন মিলে)
২৬। যেমিতি ঠাকুৰ সেমিতি পূজা, বালি গৰড়াকু চাউল ভজা
(যেনে কুকুৰ তেনে টাঙোন/
যেনে ঠাকুৰ তেনে পূজা)
২৭। যে দেশে যায় সে ফল খাএ
(যি দেশলৈ যায় সেই দেশৰ ফল খায়)
২৮। সিধা আঙ্গুঠিৰে ঘিঅ বাহাৰে নাহিঁ
(চিধা আঙুলিৰে ঘি নুঠে)
২৯। হাতে মাপি চাখণ্ডে চাল
(হাতেৰে জুখি মাপি চাৰিফালে চলিবা অৰ্থাৎ সাৱাধানেৰে চলিব লাগে অৰ্থত)
৩০। হলিলা পাণিৰে গোড় ন দেবা
(খৰস্ৰোতা পানীত ভৰি নিদিবা)
.
(ওড়িশা চৰকাৰী বিদ্যালয়ৰ দশম শ্ৰেণীৰ "মাধ্যমিক ব্যাকৰণ" পুথিৰ পৰা সংগ্ৰহিত তথা অসমীয়া লিপিলৈ লিপ্যন্তৰিত আৰু কন্দৰ্পজিৎ কল্লোলৰ দ্বাৰা অনূদিত ।)
.
#কন্দৰ্পজিৎ

আজি পাগলবাবা আশ্ৰমৰ ৰথযাত্ৰালৈ গৈছিলোঁ । কাষতেই আমাৰ সাপটগ্ৰাম মহাবিদ্যালয় । খেলপথাৰত মেলা সদৃশ পৰিৱেশ । পথাৰৰ কাষত স্মৃতিৰ গছবিলাক থিয়হৈ আছে । এতিয়া সেই গছৰ তলত মহাবিদ্যালয়ৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে জিৰণি নলয় । এতিয়া সাপটগ্ৰাম মহাবিদ্যালয়ৰ ৰূপ সলনি হৈছে । সলনি হৈছে নিয়ম-নীতি । জিৰণি কক্ষৰ ব্যৱস্থা হৈছে । এতিয়া মহাবিদ্যালয় চৌহদৰ ভিতৰতেই সকলো ।
......
সেই গছবিলাকে সম্প্ৰতি কান্দে
আমি এৰি অহাৰ দুখত
.
আমি এৰি অহাৰ পিছৰে পৰা
গছবিলাক ভিতৰি ভিতৰি মৃত
.
সেই গছবিলাকৰ পাতত
আজিও ওলমি আছে
আমাৰ প্ৰেমৰ বুৰঞ্জী
স্মৃতিৰ ভূগোল
.
এতিয়া কোনেও নবজায় সৰাপাতৰ সাৰিন্দা
কোনেও নাপাতে
বন্ধুত্বৰ আড্ডা
.
সম্প্ৰতি গছবিলাকৰ তলত বন গজিছে । দুখৰ ভৰত পাত সৰি সৰি তলসৰা পাতে-বনে মৃতপ্ৰায় হৈ পৰিছে গছৰ হৃদয় ।
.
সেই গছবিলাকৰ তলতেই পেলাইছিলোঁ
বৰফৰ বীৰ্য
প্ৰেম-অপ্ৰেমৰ চিঞাহীৰে আঁকিছিলোঁ
জীৱনৰ নষ্ট ঐতিহ্য !
.
আজি বহুদিনৰ মূৰত সেই গছবিলাকৰ কাষেদি পাৰহৈ যাওতেই ভাঁহি উঠিছিল
স্মৃতিৰ মুখবিলাক
তাৰে কিছুমান মুখ
আজিও জীৱিত
কিছুমান মৃত
আৰু কিছু নিৰুদৃষ্ট !
.
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বহীখন ভাঁহি আছে চকুত । শেষ পৃষ্ঠাত কাৰ নাম লিখিছিলোঁ সঠিক মনত পেলাব পৰা নাই !!
.
✍️ #কন্দৰ্পজিৎ

K18425093 909201882552520 8785602914412841268 n

মাজে-মাজে কাৰণে-অকাৰণে
বিষাদবোৰ কঢ়িয়াই লৈ ফুৰোঁ
বুকুৰ বাওঁফালে !
মৌন হয় ওঁঠ
ধুসৰ হয় স্বপ্ন !!
নিজকে নিজৰ ভিতৰত
হত্যা কৰি
পুতি থওঁ দুচকুৰ কবৰত !
.
ණ #কন্দৰ্পজিৎ

কথাৰ ভাঁজত কুণ্ডলি পকাই উৰি থকা ধোঁৱাৰ ফুল
==================

কিছুমান কথা
আমি ভবাৰ দৰে নহয়
কিছুমান কথাক
সময়ে বান্ধি ৰাখে শিকলিৰে

কিছুমান কথা
আমি ভবাৰ দৰে নহয় বাবেই
আমি হৈ থাকোঁ চিৰদিন দুখী

কিছুমান কথা
আমি নিজে বুজিব নোৱাৰোঁ
কিছুমান কথা
আমি কাকো বুজাব নোৱাৰোঁ

ইমানো কথা থাকে নে
যাৰ মৃত্যু হয় শূন্যতাৰ ভাঁজত
নিনাদিত হৈ বুকুৰ মাজত

কথা কথা কথা
মাজে মাজে চাল্লা
বোবা হৈ যাব বিচাৰোঁ
কাৰণ প্ৰেমৰ কথাই নাজানে দুৰ্ভিক্ষৰ দিনলিপি
কাৰণ প্ৰেমৰ কথাই নাজানে
ভালপোৱাৰ আঁৰতো যে থাকিব পাৰে অন্য এক
আজন্ম ভালপোৱা

এদিন যিবাটেদি আমি
প্ৰেমিক হ'ব বিচাৰিছিলোঁ
আজি সেই বাটেদি আমাৰ
প্ৰেমবোৰ ধোঁৱাৰ ফুল
কথাৰ ভাঁজত কুণ্ডলি পকাই উৰি থকা ধোঁৱাৰ ফুল !

ණ কন্দৰ্পজিৎ কল্লোল

নুবুজা বৰ্ণ, শব্দ আৰু ভাষা
==================
.
কিছুমান কথা আছে
যিবোৰ
কোনেও বুজিব নোৱাৰাকৈ
লিখি ৰাখোঁ দিনলিপিৰ পাতত
আনে নুবুজা
বৰ্ণ, শব্দ আৰু ভাষাৰে
.
১৫ বছৰ আগতে
সেই ভাষা এজনেই বুজিছিল
আৰু ৫০ বছৰ পিছতো
সেই ভাষা এজনেই বুজিব
.
মোৰ মৃত্যুৰ পিছত
সেই কথাত মকৰাই বাহ সাজিব
অথবা সেই কথাত এন্দুৰে গীটাৰ বজাব
নাইবা সেই কথা ছাই হৈ যাব সময়ৰ বুকুত
.
হয়তো ৬০/৭০ বছৰ পিছত
সেই বৰ্ণ, শব্দ আৰু বাক্যৰ
অৰ্থ শূন্য হ'ব
য'ত সন্নিবিষ্ট হৈ আছে
মোৰ আনন্দ আৰু বিষাদ
ৰঙীন আৰু কলা দিনৰ
বিবৰ্ণ ইতিহাস !
.
ණ #কন্দৰ্পজিৎ কল্লোল

মাজে মাজে মৰিবলৈ
মন যায় । ই এক কলা ।
মাজে মাজে মন যায়
বিদ্ৰোহী হ'বলৈ । ইয়ো
এক কলা ।
আৰু অৱশেষত গৈ গৈ
একো নহৈ শূন্য নিস্তব্ধ ।
ইয়ো হয়তো অন্য এক
কলা ।
.
#KK17

স্মৃতিকক্ষ অথৈব সাগৰ
ডুবি ডুবিও তল পাব নোৱাৰি
উঠা নমা কৰি থাকে মাথোঁ
স্মৃতিৰ অতৃপ্ত পানী !
.
#কন্দৰ্পজিৎ

যি কথা তাই নুবুজিলে
সেই কথাবিলাকেই
মোৰ চকুপানী !

#কন্দৰ্পজিৎ


হাগা এটা অশ্লীল কৰ্ম
==============
.
কিছু হাগাই পুকুত শব্দ কৰি কঁকাললৈ জঁপিয়ায়-
লেতেৰা পানীৰ
কোমল ছিটিকা পৰে
মোৰ নগ্ন কটিত,
কিছুসময়ৰ বাবে মই হৈ যাওঁ
নিষিদ্ধ কবি-
মনে মনে ভাবোঁ-
"হাগা এটা অশ্লীল কৰ্ম"
.
মূল :- আব্দুল্লাহ্ আল আসিফ (বাংলা)
অনুবাদ :- #কন্দৰ্পজিৎ কল্লোল

ফাৰ্ষ্ট এচামিচ ৰেপ্ পইম :-
.
এই সুন্দৰী, আগৰ বিএফ এৰ্
মোক এবাৰ ভালপাই দেখ
===================
.
দিচ ইচ ফাৰ্ষ্ট টাইম ব্যেব্যী
আই এম ৰাইটিং এ ৰেপ্ পইম ইন এচামিচ
অনলি ফ'ৰ ইউ
.
এই সুন্দৰী, আগৰ বিএফ এৰ্
মোক এবাৰ ভালপাই দেখ
যি লাগে তাকে দিম
গল্ড লাগে গল্ড দিম
ডাইমণ্ড লাগে ডাইমণ্ড দিম
আই এম ৰিছ গাই, ইউ ন'
ভেৰি ৰিছ
.
হোৱাটচ্ এপত
কৰা মোক এড
আহা ফেচবুকত
মোৰ স'তে কৰা চ্যাট
তোৰ নামত লিখিম পইম
সেই গ্ৰুপত তোকো কৰিম জইন
তই হ'লি ৬ ফুট
পুৰা শ্লিম গাৰ্ল
ই আৰ ছ' বিউটিফুল
তামাম সুন্দৰী
হট এণ্ড ছেক্সী
তাৰ পিছতো কিয়
যাৰে তাৰে প্ৰেমত পৰি
হ'ব খোজা বান্দৰী
ফেচবুকত পোৱা তুমি
তিনি হাজাৰ লাইক
বাটে-ঘাটে চলাও মই
পালচাৰ বাইক
.
এৰি দে তোৰ সেই
কলা বয়ফ্ৰেণ্ড
হি ইচ টু ব্লেক
একদম কালিয়া
কুকুৰৰ দৰে তেওঁৰ মুখ
তাক ভালপালে পাবি তই দুখ
গোবৰত নপৰে মৌ মাখি
তইনো কেনেকৈ হ'বি তাৰ সাথী
.
হেই ব্যেবী
মোক তই জানো ভালনাপাবি
মোক ভাল পালে
দিম তোৰ টিউচন ফিচ
তোৰ গালত দিম মই
হট হট কিচ
যি খাবি তাকে খুৱাম
চিকেন মাটন বিৰিয়ানি
কিমান খাবি খা
আই এম ফুল মেণ্টেল
তোলৈ আনি ৰাখিছোঁ
সোণ একুণ্টেল
.
দিচ ইচ টু বি কণ্টিনিউ
আই এম ক্যে ক্যে
ছি ইউ এগেইন
গুড নাইট
.
#কন্দৰ্পজিৎ